Explained Assam Election Phase 2: বৰাক–ব্ৰহ্মপুত্ৰ, পাহাৰ–ভৈয়াম সামৰি আটাইতকৈ জটিল পৰ্যায়ৰ নিৰ্বাচন, শাসক–বিৰোধীৰ Confidenceৰ যুঁজত কোন আগত?

0
23

অসমৰ ৩৯ খন আসনত এক এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এইবাৰ এইটো পৰ্যায়ৰ ওপৰত বিশেষ চকু বিৰোধী Congress মহাজোঁটৰ।

অসম বিধানসভা নিৰ্বাচনৰ আটাইতকৈ জটিল আৰু সামগ্ৰিক প্ৰেক্ষাপটৰ ভোটগ্ৰহণ হৈছে আজিৰ পৰ্যায়। এয়া প্ৰায় মিনি বিধানসভাৰ দৰে কাৰণে আজি অসমৰ ছটা পৃথক ক্ষেত্ৰক সামৰি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এইসমূহঃ

বৰাক উপত্যকা (Barak Valley): ১৫খন আসন
মধ্য অসম (Central Assam): ১২ খন আসন

পাহাৰীয়া জিলা (Hill districts): ৫খন আসন
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (Bodoland Territorial Council): ৪ খন আসন
কামৰূপ (Kamrup): ২খন আসন
নামনি অসম (Lower Assam): ১খন আসন

ইয়াৰ ফলত এই পৰ্যায়ৰ নিৰ্বাচন আটাইতকৈ জটিল হৈ পৰিছে কিয়নো কেৱল ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা উজনি আৰু উত্তৰ অসমৰ বাহিৰে অসমৰ প্ৰতিটো ক্ষেত্ৰতে আজি ভোটযুদ্ধ।

এই আটাইসমূহ ক্ষেত্ৰৰ ৰাজনৈতিক যুদ্ধও সুকীয়া আৰু পৃথক। শাসক–বিৰোধীয়ে প্ৰতি ঠাইতে গ্ৰহণ কৰিছে নিজা স্থিতি।

বৰাক উপত্যকাঃ আজিৰ ভোটগ্ৰহণত আটাইতকৈ বেছি সমষ্টিৰ বাবে ভোটদান অনুষ্ঠিত হৈছে বৰাক উপত্যকাত। অসমৰ দক্ষিণ প্ৰান্তত নিজা স্থিতি সৱল কৰিবলৈ হিন্দু–মুছলমান বঙালীভাষী ভোটাৰক নিৰ্বাচনী প্ৰচাৰেৰে আকৃষ্ট কৰাৰ চেষ্টা চলাইছিল দলসমূহে। স্বাভাৱিকতে এই পৰ্যায়ত CAA আৰু অনুপ্ৰৱেশকাৰীৰ প্ৰসংগই জনাদেশত প্ৰভাৱ পেলাব।

পূৰ্ববংগীয় মূলৰ চাপ বৰাকত যথেষ্ট বেছি ৰাজ্যৰ ৰাজনীতিত বিজেপি প্ৰাসংগিক হোৱাৰ পূৰ্বেই বিজেপি ইয়াৰে হিন্দু বঙালী ভোটাৰসকলৰ মাজত সৱল।

লক্ষ্যণীয়ভাৱে এই ক্ষেত্ৰত মুছলমান জনসংখ্যা চকুত লগাঃ হাইলাকান্দি জিলাত ৬০ শতাংশ, কৰিমগঞ্জ জিলাত ৫৬ শতাংশ আৰু কাচাৰ জিলাত ৩৭ শতাংশ মুছলমান। বৰাক উপত্যকাৰ মুছলমান সকলো মূলতঃ বঙালীভাষী।

নগাঁৱৰ ৫৬ শতাংশ, মৰিগাঁৱত ৫২ শতাংশ, হোজাই জিলাৰ ৫৩ শতাংশ আৰু দৰঙত ৬৪শতাংশ ভোটাৰ ইছলামধৰ্মী।

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰভাৱ এই খণ্ডৰ Congress–AIUDFৰ ভোটাৰৰ মাজত পৰাৰ দাবী বিৰোধীৰ।

২০১৬চনত NDA–এ ইয়াৰ ১২খন আসনৰ ৯খনতে জয়ী হৈছিল। ইয়াৰে চাৰিখনত Congress আৰু AIUDFৰ প্ৰাৰ্থীৰ মাজত ভোটবিভাজনৰ কাৰণে গেৰুৱা শিবিৰ লাভান্বিত হৈছিল।

এই পৰ্যায়ৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ আসন হৈছে বঢ়মপুৰ। সহযোগী AGPৰ পৰা এই আসন লৈ প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দূৰ্গত মহন্তক বঞ্চিত কৰাক লৈ তেওঁৰ সমৰ্থকসকল যথেষ্ট আহত হৈছিল। অৱশ্যে মহন্তই প্ৰথমাৱস্থাত দেখুৱা আপত্তি পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰিছিল।

পাহাৰীয়া জিলাঃ আজি অসমৰ পাহাৰীয়া জিলাৰ ৫খন আসনত ভোটগ্ৰহণ হৈছে। পশ্চিম আৰু পূৱ কাৰ্বি আংলং আৰু ডিমা–হাচাওৰ ভোটাৰে দিছে জনাদেশ।

পাহাৰীয়া জিলাকেইখনত কাৰ্বি আৰু ডিমাছা ভোটাৰে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। বিগত নিৰ্বাচনত গেৰুৱা শিবিৰে ৫খন আসনৰ ৪খনতে জয়ী হৈছিল। বৈঠালাংছ’ সমষ্টি দখল কৰিছিল কংগ্ৰেছে।

স্বায়ত্বশাসিত পৰিষদৰ জৰিয়তে বিজেপিয়ে এই পাহাৰীয়া জিলাকেইখনত শক্তিশালী স্থিতিত আছে। মূলতঃ জনকল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে বিজেপিয়ে এইবাৰো পাহাৰীয়া আসনকেইখন লগত ৰখাৰ পৰিকল্পনা কৰিছে।

কংগ্ৰেছে আনহাতে ডিমা হাচাওৰ হাফলং, কাৰ্বি আংলঙৰ বোকাজান আৰু বৈঠালাংছ’ আসনকেইখনক লৈ আশা পুহি ৰাখিছে।

বড়োলেণ্ডঃ বিটিআৰৰ অধীনস্থ উদালগুৰি জিলাৰ চাৰিখন আসনত আজি ভোটগ্ৰহণ। যোৱা নিৰ্বাচনত এই আটাইকেইখন আসন পাইছিল বিজেপি মিত্ৰজোঁটৰ বিপিএফে।

এইবাৰ কংগ্ৰেছ মহাজোঁটত বিপিএফৰ চামিলকৰণৰ পিছত বিৰোধী শিবিৰত উৎসাহ বাঢ়িছে। এই আসনকেইখনৰ ৩খনত BPF–এ BJPৰ বিৰুদ্ধে আৰু আন এখনত UPPLৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

তাৎপৰ্যপূৰ্ণ যে বড়োলেণ্ড নিৰ্বাচনত BJP-UPPLৰ মিত্ৰজোঁটে একেলগে এই অংশত কোকৰাঝাৰতকৈ ভাল প্ৰদৰ্শন কৰিছিল।  গতিকে এইবাৰ BPF–এ নিজৰ হাতত আসন কেইখন ৰাখিব পাৰে নে নোৱাৰে সেয়া লক্ষ্যণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here